Science Important Gk For Assam Govt Recruitment Test - (PDF Download)
Science Important Gk For Assam Govt Recruitment Test,download Science Gk for Assam govt jobs exam PDF file, gk pdf download, Assamese gk ,assamese gk,assam gk,gk in assamese,assamese general knowledge,assamese,assamese video,gk,assamese tech support,important assamese gk,assam,assamese language (human language),assamese quiz,new assamese,being assamese,assam gk in hindi,assam gk for apsc,general knowledge assamese,assamese geography,gk for pnrd,most important assam gk for tet pet police pnrd,অসম gk,north east gk 2018,axomiya gk
Hello Friends, Today we AssamjobClub are share with you some most important science general knowledge question with answer which are mostly asked in various govt jobs exam. and you can also download Science Gk for Assam govt jobs exam PDF file..
![]() |
Assamese Gk |
১) প্ৰশ্ন : পৰমাণু কি কি কণিকাৰ দ্বাৰা গঠিত?
উত্তৰ : ইলেক্ট্ৰন, প্ৰ’টন আৰু নিউট্ৰনৰ দ্বাৰা।
২) প্ৰশ্ন : পৰমাণুৰ কেন্দ্ৰভাগক কি বোলে?
উত্তৰ : লিউক্লিয়াচ।
৩) প্ৰশ্ন : নিউক্লাচৰ আধান কেনেকুৱা?
উত্তৰ : ধনাত্মক।
৪) প্ৰশ্ন : পদাৰ্থৰ গঠন বুজাবলৈ পৰমাণু তত্ত্বৰ প্ৰস্তাৱ কোনে কৰিছিল?
উত্তৰ : ডেল্টনে (জন ডেল্টন)।
৫) প্ৰশ্ন : কেতিয়া আৰু কোনে নিউট্ৰন আৱিষ্কাৰ কৰিছিল?
উত্তৰ : ইং ১৯৩২ চনত, জেমচ ছেডউইক।
৬) প্ৰশ্ন : প্ৰ’টনৰ ওজন ইলেক্ট্ৰনতকৈ কিমান গুণ বেছি?
উত্তৰ : ১৮৩৬ গুণ বেছি।
৭) প্ৰশ্ন : পৰমাণুৰ ব্যাস কিমান?
উত্তৰ : ১০-৮ ছেণ্টিমিটাৰ।
৮) প্ৰশ্ন : কাৰ্বন কি কি ৰুপত পোৱা যায়?
উত্তৰ : কাৰ্বন স্ফটিক আৰু নিৰাকাৰ দুটা ৰুপত পোৱা যায়।
৯) প্ৰশ্ন : হীৰা আৰু গ্ৰেফাইটৰ দহনত কি গেছ উৎপন্ন হয়?
উত্তৰ : কাৰ্বন-ডাই-অক্সাইড।
১০) প্ৰশ্ন : তাপ আৰু তড়িতৰ সুপৰিবাহী দুটা অধাতুৰ নাম কি?
উত্তৰ : গ্ৰেফাইট আৰু কাৰ্বন গেছ।
১১) প্ৰশ্ন : গ্ৰেফাইট, কক, হীৰা আৰু গন্ধকৰ ভিতৰত আটাইতকৈ টান কি?
উত্তৰ : হীৰা।
১২) প্ৰশ্ন : আয়ৰণ পাইৰাটিজ কোন মৌলৰ উৎস?
উত্তৰ : চালফাৰৰ।
১৩) প্ৰশ্ন : কাৰ্বন মন’ক্সাইড বায়ুতকৈ গধুৰ নে পাতল?
উত্তৰ : পাতল।
১৪) প্ৰশ্ন : আকৰিক কাক বোলে?
উত্তৰ : যিবোৰ পদাৰ্থ খনিৰ পৰা পোনে পোনে সংগ্ৰহ কৰা হয় সেইবোৰ বিশুদ্ধ নহয়, এনে অপৰিষ্কাৰ খনিজবোৰকে আকৰিক বোলে।
১৫) প্ৰশ্ন : ধাতুৰ ক্ষয়ীভৱন কাক বোলে?
উত্তৰ : যি প্ৰক্ৰিয়াৰে ধাতুৰ ক্ষয় হয় তাকে ধাতুৰ ক্ষয়ীভৱন বোলে।
১৬) প্ৰশ্ন : পাৰা আৰু আন ধাতুৰ সংকৰক কি বোলে?
উত্তৰ : এমালগাম।
১৭) প্ৰশ্ন : প্লাষ্টিক কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰ : দুই প্ৰকাৰৰ। থাৰ্ম’প্লাষ্টিক আৰু থাৰ্ম’চেটিং প্লাষ্টিক।
১৮) প্ৰশ্ন : কাঁচ কি?
উত্তৰ : কাঁচ এবিধ স্বচ্ছ মিশ্ৰ পদাৰ্থ।
১৯) প্ৰশ্ন : কাঁচৰ উপাদানবোৰ কি কি?
উত্তৰ : কাঁচৰ উপাদানবোৰ হ’ল – চিলিকা, ছডিয়াম অক্সাইড বা পটাছিয়াম অক্সাইড আৰু চূণ বা লেড্ অক্সাইড।
২০) প্ৰশ্ন : বেঙুণীয়া, নীলা আৰু ৰঙা কাঁচ তৈয়াৰ কৰিবলৈ কি কি বিশেষ ধৰণৰ বস্তু ব্যৱহাৰ কৰা হয়?
উত্তৰ : বেঙুণীয়া কাঁচত মেঙ্গানিজ ডাই অক্সাইড, নীলা কাঁচত কোৱাল্ট আৰু ৰঙা কাঁচত জিঙ্ক অক্সাইড ব্যৱহাৰ কৰা হয়।
২১) প্ৰশ্ন : পাৰমাণৱিক ভৰ কাক বোলে?
উত্তৰ : পৰমাণুৰ আপেক্ষিক ভৰক পাৰমাণৱিক ভৰ বোলে।
২২) প্ৰশ্ন : এভোগ্ৰেডৰ প্ৰকল্প কি?
উত্তৰ : ইং ১৮১১ চনত এভোগ্ৰেড নামৰ এজন বিজ্ঞানীয়ে গেছীয় পদাৰ্থৰ আয়তন আৰু অণুৰ সংখ্যাৰ মাজত এটা সম্বন্ধ নিৰুপণ কৰে। ইয়াকে এভোগ্ৰেডৰ প্ৰকল্প বোলে।
২৩) প্ৰশ্ন : এভোগ্ৰেডৰ সংখ্যা কাক বোলে?
উত্তৰ : যিকোনো পদাৰ্থৰ এক গ্ৰাম আণৱিক ভৰত থকা অণুৰ সংখ্যা সদায় সময় সমান হয়। এই সংখ্যাকে এভোগ্ৰেডৰ সংখ্যা বোলে। এভোগ্ৰেডৰ সংখ্যাক Na চিনৰ দ্বাৰা বুজোৱা হয়।
২৪) প্ৰশ্ন : মৌলিক পদাৰ্থৰ নিজ গুণ, ধৰ্ম অটুট ৰাখিব পৰা আতাইতকৈ ক্ষুদ্ৰতম কণাটোৰ নাম কি?
উত্তৰ : পৰমাণু।
২৫) প্ৰশ্ন : যৌগিক পদাৰ্থৰ নিজ গুণ, ধৰ্ম অটুট ৰাখিব পৰা আটাইতকৈ ক্ষুদ্ৰতম কণাটোৰ নাম কি?
উত্তৰ : অণু।
২৬) প্ৰশ্ন : কাৰ্বন পৰমাণুত প্ৰ’টন আৰু নিউট্ৰনৰ সংখ্যা কিমান?
উত্তৰ : কাৰ্বন পৰমাণুত প্ৰ’টন আৰু নিউট্ৰন উভয়ৰে সংখ্যা ৬।
২৭) প্ৰশ্ন : অক্সিজেনৰ গ্ৰাম আণৱিক ভৰ কিমান?
উত্তৰ : ৩২ গ্ৰাম।
২৮) প্ৰশ্ন : আন্তৰ্জাতিক পদ্ধতিত গেছৰ আয়তনৰ একক কি?
উত্তৰ : ঘনমিটাৰ।
২৯) প্ৰশ্ন : কিহৰ ওপৰত ভিত্তি কৰি আধুনিক পৰ্যায়বৃত্ত তালিকা খন প্ৰস্তুত কৰা হৈছে?
উত্তৰ : মৌলবোৰৰ পৰমাণু ক্ৰমাংকৰ ওপৰত ভিত্তি কৰি।
৩০) প্ৰশ্ন : পৰ্যায়বৃত্ত তালিকাত মুঠতে কেইটা পৰ্যায় থাকে?
উত্তৰ : সাতোটা।
৩১) প্ৰশ্ন : কোনো মৌলৰ ৰাসায়নিক সক্ৰিয়তা কিহৰ ওপৰত নিৰ্ভৰ কৰে?
উত্তৰ : ইলেক্ট্ৰন গ্ৰহণ আৰু ত্যাগ কৰাৰ প্ৰৱণতাৰ ওপৰত।
৩২) প্ৰশ্ন : শূণ্যযোজী দুটা মৌলৰ নাম কোৱা?
উত্তৰ : আৰ্গন আৰু নিয়ন।
৩৩) প্ৰশ্ন : পানীৰ কি গুণৰ বাবে ইয়াত আয়নীয় যৌগ দ্ৰৱীভূত হয়?
উত্তৰ : পানীৰ দ্ৰৱীয়তা গুণ থাকে বাবে।
৩৪) প্ৰশ্ন : ৰাসায়নিক বন্ধন কাক বোলে?
উত্তৰ : যি আকৰ্ষণ বলৰ দ্বাৰা দুটা পৰমাণুৰ যোজন ঘটে তাকে ৰাসায়নিক বন্ধন বোলে।
৩৫) প্ৰশ্ন : যোজন ইলেক্ট্ৰন কাক বোলে?
উত্তৰ : কোনো মৌলৰ পৰমাণুৰ বহিঃখোলৰ ইলেক্ট্ৰনক মৌলটোৰ যোজক ইলেক্ট্ৰন বোলে।
৩৬) প্ৰশ্ন : দুটা বা তাতোধিক পদাৰ্থৰ সমসত্ব মিশ্ৰণক কি বোলে?
উত্তৰ : দ্ৰৱ।
৩৭) প্ৰশ্ন : কোনো পদাৰ্থৰ দ্ৰাব্যতা সহজে উলিয়াব পৰা সম্বন্ধটো কি?
উত্তৰ : পদাৰ্থৰ দ্ৰাব্যতা = গ্ৰাম হিচাপে দ্ৰাব্যৰ ভৰ/গ্ৰাম হিচাপে দ্ৰাৱকৰ ভৰ X 100 ।
৩৮) প্ৰশ্ন : বৈদ্যুতিক বিশ্লেষণ কাক বোলে?
উত্তৰ : বৈদ্যুতিক সোঁতৰ দ্বাৰা যৌগ এটাৰ বিয়োজন ঘটা প্ৰক্ৰিয়াকে বিদ্যুৎ বিশ্লেষণ বোলে।
৩৯) প্ৰশ্ন : ছডিয়াম হাইড্ৰোক্সাইড জলীয় দ্ৰৱত মুঠতে কেইবিধ মুক্ত আয়ন থাকে?
উত্তৰ : চাৰিবিধ।
৪০) প্ৰশ্ন : হেলজেন মৌল কাক বোলে?
উত্তৰ : ফ্ল’ৰিণ, ক্ল’ৰিণ, ব্ৰ’মিণ আৰু আয়োডিনক একেলগে হেলজেন মৌল বোলে।
৪২) প্ৰশ্ন : কুষ্ঠৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ নাম কি?
উত্তৰ : মাইকো বক্টেৰিয়া লেপ্ৰি।
৪৩) প্ৰশ্ন : যক্ষ্মা ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়া নাম কি?
উত্তৰ : টিউবাৰকুলেচিচ বেক্টেৰিয়া।
৪৪) প্ৰশ্ন : হিউমাচ কি?
উত্তৰ : প্ৰচুৰ জৈৱ পদাৰ্থ মিশ্ৰিণত মাটিয়ে যি অনিয়তাৰ জটিল পদাৰ্থৰ সৃষ্টি কৰে সেয়ে হিউমাছ।
৪৫) প্ৰশ্ন : পাস্তুৰাইজেচন কাক বোলে?
উত্তৰ : খাদ্য নাইবা পানীয়ক বিশেষ পদ্ধতিত জীৱাণুমুক্ত কৰাকাৰ্যক পাস্তুৰাইজেচন বোলে।
৪৬) প্ৰশ্ন : আটাইতকৈ সৰল প্ৰ’টিন কি?
উত্তৰ : গ্লাইচিন।
৪৭) প্ৰশ্ন : স্তন্যপায়ী প্ৰাণীৰ তেজৰ ৰং ৰঙা কিয়?
উত্তৰ : স্তন্যপায়ী প্ৰাণীৰ তেজত লো মিশ্ৰিত হিমোগ্লৱিন নামৰ ৰঞ্জক পদাৰ্থ থকা বাবে।
৪৮) প্ৰশ্ন : তেজৰ প্ৰধান কাম দুটা কি কি?
উত্তৰ : সজীৱ কোষত অক্সিজেন আৰু সৰল খাদ্য পৰিবহন।
৪৯) প্ৰশ্ন : মানৱ দেহত কি গ্ৰুপৰ তেজ থাকিলে সকলো গ্ৰুপৰে তেজ গ্ৰহণ কৰিব পাৰে?
উত্তৰ : AB- গ্ৰুপৰ।
৫০) প্ৰশ্ন : উদ্ভিদৰ সংবহন কলা কি কি?
উত্তৰ : জাইলেম আৰু ফ্লোৱেম।
৫১) প্ৰশ্ন : মানুহৰ শৰীৰৰ কোন অংশত তেজৰ লগত অক্সিজেন যোগ হয়?
উত্তৰ : হাওঁফাওঁত।
৫২) প্ৰশ্ন : মানুহৰ পাচন অঙ্গ কি কি?
উত্তৰ : যকৃৎ আৰু অগ্ন্যাশয়।
৫৩) প্ৰশ্ন : কি মৌলৰ অভাৱত হাড়ৰ বৃদ্ধি হ্ৰাস পায়?
উত্তৰ : ফচ্ফৰাছ।
৫৪) প্ৰশ্ন : খাদ্যৰ প্ৰধান উপাদান তিনিটা কি কি?
উত্তৰ : শৰ্কৰা, প্ৰ’টিন আৰু স্নেহ পদাৰ্থ।
৫৫) প্ৰশ্ন : স্নায়ু বিকল আৰু হৃদস্পন্দন অনিয়মিত হয় কাৰ অভাৱত?
উত্তৰ : পটাচিয়াম।
৫৬) প্ৰশ্ন : ভিটামিন – চি ৰ আন নাম কি?
উত্তৰ : এচকাৰবিক্ এচিড।
৫৭) প্ৰশ্ন : উৰিব নোৱাৰা তিনিটা চৰাইৰ নাম কি কি?
উত্তৰ : এমু, পেঙ্গুইন আৰু উট চৰাই।
৫৮) প্ৰশ্ন : কাৰ্বন-ডাই-অক্সাইড উদ্ভিদৰ কি কামত লাগে?
উত্তৰ : সালোক-সংশ্লেষণ পদ্ধতিত খাদ্য প্ৰস্তুত কৰিবলৈ।
৫৯) প্ৰশ্ন : সালোক-সংশ্লেষণৰ ফলত বতাহত কি গেছৰ পৰিমাণ বাঢ়ে?
উত্তৰ : অক্সিজেন।
৬০) প্ৰশ্ন : অক্সিজেন নোহোৱা পৰিৱেশত কেনেধৰণৰ শ্বসন চলে?
উত্তৰ : অবাত শ্বসন।
৬১) প্ৰশ্ন : সালোক-সংশ্লেষণৰ বাবে প্ৰয়োজনীয় উপাদান কি কি?
উত্তৰ : সূৰ্যৰ পোহৰ, ক্লোৰোফিল, পানী আৰু কাৰ্বন-ডাই-অক্সাইড।
৬২) প্ৰশ্ন : কি ভিটামিনৰ অভাৱত মানৱ শৰীৰত বেৰি-বেৰি ৰোগ হয়?
উত্তৰ : ভিটামিন ‘বি’ ৰ অভাৱত।
৬৩) প্ৰশ্ন : পূৰ্ণ বয়স্ক মানুহৰ তেজৰ চাপ কিমান?
উত্তৰ : ১২০/৮০।
৬৪) প্ৰশ্ন : কাৰ মাধ্যমত হৃদপিণ্ডৰ পৰা তেজ দূৰলৈ যায়?
উত্তৰ : ধমনীৰ মাধ্যমত।
৬৫) প্ৰশ্ন : মানুহৰ হৃদপিণ্ডত কেইটা নিলয় আৰু কেইটা অলিন্দ আছে?
উত্তৰ : দুটা নিলয় আৰু দুটা অলিন্দ আছে।
৬৬) প্ৰশ্ন : লাজুকীলতাৰ পাত স্পৰ্শ কৰিলে জয় পৰি যায় কিয়?
উত্তৰ : চিচ্মোনাষ্টিৰ বাবে।
৬৭) প্ৰশ্ন : এবিধ উৰণীয়া স্তন্যপায়ী প্ৰাণীৰ নাম কি?
উত্তৰ : বাদুলি।
৬৮) প্ৰশ্ন : ফাইটোপ্লঙ্কিটন কাক বোলে?
উত্তৰ : ভালেমান ক্ষুদ্ৰাতিক্ষুদ্ৰ উদ্ভিদৰ সমাবেশক ফাইটোপ্লঙ্কিটন বোলে।
৬৯) প্ৰশ্ন : বায়োস্ফিয়াৰ কাক বোলে?
উত্তৰ : আকাশৰ যি উচ্চতাৰ পৰা মাটি আৰু সাগৰৰ গভীৰতা পৰ্যন্ত জীৱ বসবাস কৰে তাকে বায়োস্ফিয়াৰ বোলে।
৭০) প্ৰশ্ন : উদ্ভিদৰ শ্বাস অংগৰ নাম কি?
উত্তৰ : পত্ৰৰন্ধ্ৰ, লেণ্টিচেল, শ্বাসমূল ইত্যাদি।
৭১) প্ৰশ্ন : এইডচ্ ভাইৰাচে মানুহৰ কি ক্ষতি কৰে?
উত্তৰ : মানুহৰ স্বাভাৱিক ৰোগ প্ৰতিৰোধ ক্ষমতা নাইকিয়া কৰে।
৭২) প্ৰশ্ন : জুফাজিনি কাক বোলে?
উত্তৰ : ৰোগ সৃষ্টিকাৰী ভাইৰাচক।
৭৩) প্ৰশ্ন : জীৱাশ্ম কি?
উত্তৰ : উদ্ভিদ আৰু প্ৰাণীৰ প্ৰস্তুৰীভূত দেহাৱশেষ।
৭৪) প্ৰশ্ন : বতাহত কাৰ্বন-ডাই-অক্সাইড বাঢ়ি গ’লে কি ক্ষতি হ’ব?
উত্তৰ : ইনফ্ৰাৰেড্ ৰশ্মি অধিক মাত্ৰাত শোষিত হ’ব, ফলত ভূ-পৃষ্ঠৰ তাপৰ মাত্ৰা বাঢ়ি যাব।
৭৫) প্ৰশ্ন : অইচ’গ্যামী কাক বোলে?
উত্তৰ : অসম আকৃতিৰ পুং আৰু স্ত্ৰী মিলনক।
৭৬) প্ৰশ্ন : দুটা বহিঃ পৰজীৱী প্ৰাণীৰ উদাহৰণ দিয়া?
উত্তৰ : ওকণি আৰু উৰহ।
৭৭) প্ৰশ্ন : জাঙ্গল (Xerophyte) উদ্ভিত ক’ত হয়?
উত্তৰ : শুকান মৰু অঞ্চলত।
৭৮) প্ৰশ্ন : শৰীৰৰ ৰং পৰিৱৰ্তন কৰি আত্মৰক্ষা কৰা এবিধ প্ৰাণীৰ নাম কোৱা?
উত্তৰ : কেলোট্ৰপিচ প্ৰেচেৰা (কেৰ্কেটুৱা)।
৭৯) প্ৰশ্ন : প্ৰাণীৰ প্ৰয়োজনীয় নাইট্ৰ’জেনৰ উৎস কি?
উত্তৰ : উদ্ভিদদেহ।
৮০) প্ৰশ্ন : এটা A.T.P. অণুত সঞ্চিত শক্তিৰ পৰিমাণ কিমান?
উত্তৰ : ৭৩০০ কেল’ৰি।
৮১) প্ৰশ্ন : বৰ্ণালী মানে কি? বৰ্ণালী কাক বোলে?
উত্তৰ : আলোক বিচ্ছুৰণৰ ফলত বিভিন্ন বৰ্ণ বিশিষ্ট যি আলোক পটিৰ উৎপত্তি হয় তাকে বৰ্ণালী বোলে।
৮২) প্ৰশ্ন : কঠিন পদাৰ্থৰ মাজত অণুবিলাক কেনেকৈ থাকে?
উত্তৰ : ওচৰা-উচৰিকৈ লগ-লাগি বান্ধ খাই থাকে।
৮৩) প্ৰশ্ন : অণুবীক্ষণ আৰু দূৰবীক্ষণ যন্ত্ৰৰ ‘আইপিচ’ত সাধাৰণতে কি ধৰণৰ লেন্স ব্যৱহাৰ কৰা হয়?
উত্তৰ : সমতলোত্তল লেন্স।
৮৪) প্ৰশ্ন : চচ্মাত সাধাৰণতে কি লেন্স ব্যৱহাৰ কৰা হয়?
উত্তৰ : অৱতলোত্তল লেন্স।
৮৫) প্ৰশ্ন : আয়ন কেনেকৈ সৃষ্টি হয়?
উত্তৰ : পৰমাণু বা মূলকে এক বা একাধিক ইলেক্ট্ৰন গ্ৰহণ বা বৰ্জন কৰি আয়ন উৎপন্ন কৰে।
৮৬) প্ৰশ্ন : ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰনৰ ভিতৰত কোনটো আটাইতকৈ লঘু?
উত্তৰ : ইলেক্ট্ৰন।
৮৭) প্ৰশ্ন : ৰেক্টৰ (Richter Scale) স্কেল কি?
উত্তৰ : ভূমিকম্পৰ প্ৰাবল্য মাপক।
৮৮) প্ৰশ্ন : কি এককৰ দ্বাৰা জলযানৰ গতি নিৰুপণ কৰা হয়?
উত্তৰ : নটিকেল মাইল।
৮৯) প্ৰশ্ন : চুপাৰচনিক আকাশীযান বা বিমানৰ গতিক কি এককেৰে নিৰুপণ কৰা হয়?
উত্তৰ : মেক্ নম্বৰ।
৯০) প্ৰশ্ন : পানীৰ গভীৰতা জোখৰ একক কি?
উত্তৰ : ফেডাম।
৯১) প্ৰশ্ন : ভাৰতীয় ঔদ্যোগিক বৈজ্ঞানিক অনুসন্ধান (ISR) ৰপ্ৰথম অধ্যক্ষ কোন আছিল?
উত্তৰ : ড° শান্তিস্বৰুপ ভাটনাগৰ।
৯২) প্ৰশ্ন : কলঙ্কহীন ইস্পাত কাক বোলে?
উত্তৰ : শতকৰা ১০ ৰ পৰা ১৫ ভাগ ক্ৰ’মিয়াম মিহলি হৈ থকা ইস্পাতক।
৯৩) প্ৰশ্ন : পুৰুষতকৈ মহিলাৰ কণ্ঠস্বৰ অধীক তীক্ষ্ণ কিয়?
উত্তৰ : মহিলাৰ কণ্ঠস্বৰ পুৰুষতকৈ অধিক কম্পনাংক থকা বাবে।
৯৪) প্ৰশ্ন : আটাইতকৈ গধুৰ আৰু আটাইতকৈ পাতল ধাতু কি?
উত্তৰ : আটাইতকৈ গধুৰ অচিমিয়াম আৰু আটাইতকৈ পাতল লিথিয়াম।
৯৫) প্ৰশ্ন : মানুহ এজনৰ সম্পূৰ্ণ শৰীৰটো চাবলৈ কিমান জোখৰ আয়না লাগে?
উত্তৰ : মানুহজনৰ উচ্চতৰ আধা।
৯৬) প্ৰশ্ন : নিউক্লিয়াচত নিউট্ৰন নথকা পৰমাণু কি?
উত্তৰ : সাধাৰণ হাইড্ৰজেন পৰমাণু।
৯৭) প্ৰশ্ন : শব্দ তৰঙ্গ আৰু আলোক তৰঙ্গৰ মাজত প্ৰধান সাদৃশ্য কি?
উত্তৰ : উঙয়ে ব্যতিচাৰ ক্ৰিয়া প্ৰদৰ্শন কৰে।
৯৮) প্ৰশ্ন : ব্যতিচাৰ কাক বোলে?
উত্তৰ : যি ঘটনাত দুটা তৰঙ্গ মিলিত হৈ পৰস্পৰক বিনষ্ট কৰে নাইবা প্ৰত্যেকতকৈ ডাঙৰ তৰঙ্গৰ সৃষ্টি কৰে তাকে ব্যতিচাৰ বোলে।
৯৯) প্ৰশ্ন : এটা বস্তুৰ পৰা আন এটা বস্তুলৈ স্থানান্তৰযোগ্য তড়িৎ আধানৰ সৰ্বনিম্ন মান কিমান?
উত্তৰ : 1.6 X 16-19 কুলম্ব।
১০০) প্ৰশ্ন : একে বছৰতে পদাৰ্থ বিজ্ঞানত মিলিতভাৱে কোন পিতা-পুত্ৰই নবে’ল বঁটা লাভ কৰে?
উত্তৰ : পি. ও. উইলিয়াম ব্ৰাগ (পিতা) আৰু লৰেঞ্চ ব্ৰাগ (পুত্ৰ)।